Skip to main content

Posts

Showing posts from 2018

সময়

সময়ে সকলো কথা শিকাই দিয়ে। যিবোৰ আঘাতৰ বাবে এদিন জীৱনটো কৰবাত ৰৈ গৈছিল আজি সেই আঘাতৰ দাগবোৰেই জীৱনৰ লগত সংগ্ৰাম কৰিবলৈ শক্তি দিয়ে। ভুলবোৰৰ পুনৰাবৃত্তি নকৰিবলৈ আওৰাই দি...

বৰষুণ

আজি জানা বহু দিনৰ মূৰত বাৰিষাৰ বৰষুণ জাকত বৰকৈ তিতিলো আৰু জানা স্মৃতিৰ কোনোবা এখিলা পাত ক'ব নোৱাৰাকৈ খোল খাই গ'ল । প্ৰায় দহটা বাৰিষাই পাৰ হ'ল সেই বৰষুণৰ দিনটো । তোমাৰ হতে প‌...

বঠাডাল

এৰি দিলো নিজকে সময়ৰ সোঁতত । লক্ষ্যবিহীন উদ্দেশ্যবিহীন মোৰ এই যাত্ৰা । এৰি দিলো মোৰ জীৱন নাৱৰ বঠাডাল । সময় নামৰ বতাহ জাকৰ লগত খেলিবলৈ ।

উত্তৰ

বহু প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নায়। হয়তো কেতিয়াও নাপাম। বিচাৰি পোৱা নোপোৱাৰ যন্ত্ৰনাই হৈছে জীৱন।

তোমালৈ

উভতি অহাৰ সকলো বাট বন্ধ কৰি নিদিবা, নহ'লে কেতিয়াবা উভতিব বিচাৰিলেও কিন্তু বাট বিচাৰি নাপাব ।

শব্দবিহীন

কেতিয়াবা লিখিম বুলি হাতত কলম তুলি লোৱাৰ পাছতো একো লিখিব পৰা নাযায়, হয়তো কিছুমান অনুভূতি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। কেৱল মাত্ৰ অনুভৱহে কৰিব পৰা যায়।