আজি জানা বহু দিনৰ মূৰত বাৰিষাৰ বৰষুণ জাকত বৰকৈ তিতিলো আৰু জানা স্মৃতিৰ কোনোবা এখিলা পাত ক'ব নোৱাৰাকৈ খোল খাই গ'ল । প্ৰায় দহটা বাৰিষাই পাৰ হ'ল সেই বৰষুণৰ দিনটো । তোমাৰ হতে প্ৰথম বৰষুণত তিতাৰ দিনটো । আজিও অনুভৱবোৰ হৃদয়ত জীয়াই ৰাখিছোঁ, যদিও জানো কোনোবা এটা বাৰিষাৰ বৰষুণে উটুৱাই নিলে তোমাৰ সেই অনুভৱবোৰ ।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment