Skip to main content

হেৰাই গ’ল সেই হাতখন

হেৰাই গ’ল সেই হাতখন
হেৰাই গ’ল
মোক ধৰি ৰখা সেই হাতখন।
কৰবাত, কেতিয়াবা,
চকুৰ অলক্ষ্যত হেৰাই গ’ল।
মুঠিটো মই ঢিলা কৰি দিলোঁনে?
নে তুমি?
নে সময়ৰ সোঁতজাকে
বিনাবুজাই খুলিলে আমাৰ সংযোগৰ গাঁথনি?
বুজি নাপালোঁ !
এতিয়াও মই ভিৰৰ মাজত চকু মেলি
তোমাৰ সেই হাতখন বিচাৰি ফুৰো,
যি কেতিয়াবা মোৰ আছিল।
যদিও জানো,
এতিয়া সেয়া কেৱল এটি ভ্ৰম।
স্মৃতিৰ মাজত থকা এবিধ নীৰৱ অভিমান।

Comments

Popular posts from this blog

নষ্টালজিক

অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।

ডাক বচন

ডাক বা ডাক বচন হৈছে অসমীয়া সাহিত্যৰ এক সম্পদ । পূৰ্বতে ডাক বচনসমূহ মৌখিকভাৱে প্ৰচলন আছিল যদিও ষোড়শ-সপ্তদশ শতাব্দীমানত লিপিবদ্ধ হৈছে । ডাক বচন বুলিলে সচৰাচৰ অসমীয়া ভা...

আছে মাথোঁ

সকলোৱেতো আছে মোৰ সতে । নীৰৱে ৰৈ থকা পাহাৰটো আৰু তাৰ মাজে মাজে নীৰৱতা ভাঙি বৈ অহা নদীখন, আৰু সেউজীয়াৰ মাজত লুকাই কোলাহল কৰি থকা অচিনাকী চৰাইজনী, পাহাৰটোৰ পৰা আহি মনে মনে চুই যোৱা সেমেকা বতাহজাক, বতাহজাকৰ মাজে মাজে মোক নষ্টালজিক কৰা মোৰ প্ৰিয় গানৰ কলিবোৰ, আৰু ওঁঠত জ্বলি থকা মোৰ চিগাৰেটটো। সকলোৱেটো আছে মোৰ সতে। নাই মাথোঁ মোৰ পুৰণি গীটাৰখন আৰু প্ৰিয় তুমিজনি।