Skip to main content

ডাক বচন

ডাক বা ডাক বচন হৈছে অসমীয়া সাহিত্যৰ এক সম্পদ । পূৰ্বতে ডাক বচনসমূহ মৌখিকভাৱে প্ৰচলন আছিল যদিও ষোড়শ-সপ্তদশ শতাব্দীমানত লিপিবদ্ধ হৈছে । ডাক বচন বুলিলে সচৰাচৰ অসমীয়া ভাষাত প্ৰচলিত ফকৰা যোজনা ব প্ৰবচনসমূহৰ কথাই মনলৈ আহে । ডাক বুলিলে সাধাৰণতে এটা কাল্পনিক চৰিত্রৰ কথা উল্লেখ কৰা হয় যদিও বিভিন্নজনে ডাক পুৰুষক দাবী কৰি আহিছে । জন প্ৰবাদ আৰু ডাক চৰিত পুথি অনুসৰি চতুৰ্থ-ষষ্ঠ শতিকামানত বৰপেটাৰ ওচৰৰ লোহিডাঙৰা গাঁৱত ডাকৰ জন্ম হয়। ডাক চৰিত মতে ডাক হৈছে কুমাৰ কুলৰ নাৰীৰ সন্তান । বহু দিনলৈ সন্তান লাভ নকৰা মাকৰ তীৰ্থলৈ অহা বৰাহ মিহিৰ মুনিৰ বৰৰ ফলত ডাকৰ জন্ম হয় । উপজিয়ে প্ৰসূতি গৃহৰ নাৰীসকলক মাত দিয়াৰ বাবে ডাক নাম থয় । ল'ৰাকালতে ভেঁট ফুল তুলিবলৈ যাওঁতে লগৰীয়াই পানীত পেলাই মাৰে । আন এক জনপ্ৰবাদ অনুসৰি ডাকে মাত্ৰ এদিন এনিশালৈকে জন্ম গ্ৰহণ কৰিছিল । এনেধৰণৰ অলৌকিক আৰু অবিশ্বাস্য ঘটনাৰ ওপৰত ভিত্তি কৰি ডাক নামৰ কোনো ব্যক্তি বাস্তৱত আছিল বুলি একেষাৰে ক'বলৈ কঠিন । সেয়েহে বহু ক্ষেত্ৰত ডাকক এটা কাল্পনিক চৰিত্ৰ বুলিহে উল্লেখ কৰা হয়। ডাক শব্দৰ অৰ্থ হ'ল উচ্চাৰণ কৰা বা সম্বোধন কৰা বা আহ্বান কৰা, গতিকে যিবোৰ উপদেশে সমাজত কেনেকৈ চলিব লাগে সকীয়াই দিয়ে হয়তো সিয়ে হয়তো ডাক বচনৰূপে প্ৰসিদ্ধ লভে । হয়তো পূৰ্বৰে পৰা ছন্দৰ মাজেদি চলি অহা বিভিন্ন ৰীতি-নীতি বা উপদেশসমূহক কালক্ৰমত ডাক নামে কোনো এক কাল্পনিক চৰিত্ৰৰ নামত প্ৰচলিত হয় । ডাকৰ বচনত বৰ্তমান যি ভাষাৰ প্ৰয়োগ হোৱা দেখা যায় সেইবোৰৰ ওপৰত ভিত্তি কৰি ডাক বচনসমূহৰ ৰচনাকাল ষোড়শ শতিকাৰ আগৰ নহয় । কিন্তু মুখে মুখে চলি অহা প্ৰবচনবোৰৰ ৰচনাকাল নিৰ্ণয়ক হ'ব নোৱাৰে । মুখে মুখে বাগৰি আহোঁতে ভাষাই যেনেকৈ নতুন ৰূপ লয় ঠিক তেনেকৈ প্ৰবচনবোৰতো ভাষাই নতুন ৰূপ লোৱাত থল আছে । আকৌ কোনোৱে ডাক বচনসমূহত ব্যৱহৃত আৰবী পাৰ্চী শব্দবোৰলৈ লক্ষ্য ৰাখি চতুদৰ্শ পঞ্চদশ শতিকামানৰ বুলিহে ক'ব বিচাৰে । ইয়াৰ বিপৰীতে ডাক চৰিতত উল্লেখ কৰা মিহিৰ মুনিলৈ মন কৰিলে ডাকৰ উদ্ভৱকাল খ্ৰীষ্টীয় চতুৰ্থ-ষষ্ঠ শতিকা বুলিহে ঠাৱৰ কৰিব পাৰি । সেয়েহে ডাকৰ জন্ম বা ডাক বচনসমূহৰ উদ্ভৱৰ সঠিক সময় নিৰ্ধাৰণ কৰাটো কঠিন ।
        পয়াৰ ছন্দত ৰচিত ডাক বচনবোৰত সমাজৰ বাবে লাগতিয়াল বিভিন্ন জ্ঞানৰ কথা উল্লেখ কৰা হৈছে । পুৰুষানুক্ৰমে লাভ কৰা বিভিন্ন জ্ঞান, অভিজ্ঞতা, ৰুচি-অভিৰুচি পৰাই এই প্ৰবচনসমূহৰ সৃষ্টি হৈছে । ধৰ্ম প্ৰকৰণ, ৰন্ধন প্ৰকৰণ, গৃহিণী লক্ষণ, স্বাস্থ্য প্ৰকৰণ, কৃষি লক্ষণ, জ্যোতি প্ৰকৰণ, আদি সমাজৰ প্ৰয়োজনীয়সকলো দিশেই উল্লেখ কৰিছে । কেনেধৰণৰ মাটিত খেতি কৰিব লাগে, কোন সময়ত কোন দিশে যাত্ৰা কৰিব লাগে-নালাগে আদি বিভিন্ন উপদেশ ডাক বচনত পোৱা যায় । ইয়াৰ উপৰিও হিন্দু ধৰ্মৰ বৰ্ণাশ্ৰম ব্যৱস্থা, পাপ-পুণ্যৰ ধাৰণা, স্বৰ্গ-নৰকৰ ধাৰণা, দান-দক্ষিণাৰ ফল, ধোবা, কমাৰ, কুমাৰ বৃত্তিৰ উদ্ভৱ আদি বিভিন্ন জ্ঞান ডাক বচনত উপলব্ধ ।
      ডাক বচনৰ আন এক উল্লেখযোগ্য দিশ হৈছে ডাক বচনত নাগৰিক জীৱন বা সভ্যতাৰ আঁচোৰ নায় । ৰাজধৰ্মৰ কথা ক'ৰবাত উল্লেখ থকা দেখা যায় যদিও ৰজাৰ ওপৰত প্ৰাধান্য দিয়া ডাক বচনত উল্লেখ নায় । তিব্বতী ভাষাত ডাক শব্দৰ অৰ্থ হৈছে 'জ্ঞান' । গতিকে ডাক বচন মানে জ্ঞান । সেয়েহে পূৰ্বৰে পৰা সমাজখন সুচাৰুৰূপে পৰিচালিত হ'বৰ বাবে চলি অহা প্ৰবচনবোৰকে ডাক বচন বুলিব পাৰি ।
       ডাক বচনসমূহ অসমৰ উপৰিও বংগদেশ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, ৰাজস্থান আদি ঠাইতো প্ৰচলিত । এই ক্ষেত্রত এটা কথা কোৱা প্ৰয়োজন যে বংগদেশত ডাক বচনতকৈ খনা বচনহে অধিক প্ৰচলিত ।

Comments

Post a Comment

Popular posts from this blog

নষ্টালজিক

অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।

আছে মাথোঁ

সকলোৱেতো আছে মোৰ সতে । নীৰৱে ৰৈ থকা পাহাৰটো আৰু তাৰ মাজে মাজে নীৰৱতা ভাঙি বৈ অহা নদীখন, আৰু সেউজীয়াৰ মাজত লুকাই কোলাহল কৰি থকা অচিনাকী চৰাইজনী, পাহাৰটোৰ পৰা আহি মনে মনে চুই যোৱা সেমেকা বতাহজাক, বতাহজাকৰ মাজে মাজে মোক নষ্টালজিক কৰা মোৰ প্ৰিয় গানৰ কলিবোৰ, আৰু ওঁঠত জ্বলি থকা মোৰ চিগাৰেটটো। সকলোৱেটো আছে মোৰ সতে। নাই মাথোঁ মোৰ পুৰণি গীটাৰখন আৰু প্ৰিয় তুমিজনি।