Skip to main content

Posts

Showing posts from 2025

হেৰাই গ’ল সেই হাতখন

হেৰাই গ’ল সেই হাতখন হেৰাই গ’ল মোক ধৰি ৰখা সেই হাতখন। কৰবাত, কেতিয়াবা, চকুৰ অলক্ষ্যত হেৰাই গ’ল। মুঠিটো মই ঢিলা কৰি দিলোঁনে? নে তুমি? নে সময়ৰ সোঁতজাকে বিনাবুজাই খুলিলে আমাৰ সংযোগৰ গাঁথনি? বুজি নাপালোঁ ! এতিয়াও মই ভিৰৰ মাজত চকু মেলি তোমাৰ সেই হাতখন বিচাৰি ফুৰো, যি কেতিয়াবা মোৰ আছিল। যদিও জানো, এতিয়া সেয়া কেৱল এটি ভ্ৰম। স্মৃতিৰ মাজত থকা এবিধ নীৰৱ অভিমান।

অন্ধকাৰ ৰাতিৰ গাথা

অন্ধকাৰ ৰাতিৰ গাথা অন্ধকাৰ ৰাতি, নিস্তব্ধ পৰিবেশ। মুক্ত আকাশৰ তৰাবোৰ যেন মোৰ চিন্তাৰ সঙ্গী। মই, গীটাৰখন আৰু এটা মৃদু সুৰ, যি সুৰত আত্মাৰ কথাষাৰ ধ্বনিত হয়। ওঁঠত জ্বলি থকা এটা চিগাৰেট— জীৱনৰ আধা লিখা পাতত এক ক্ষণিক স্পৰ্শ। এইয়াই মোৰ কাহিনী আধাৰুৱা, তথাপি বৰ্ণিল। নিবিড় ৰাতিৰ নিস্তব্ধতাত লিখি যাওঁ নিজকে, সুৰ, ধোঁৱা আৰু মৌনতাৰে।

Ballad of the Dark Night

A dark night, a silent world. The stars in the open sky seem like companions to my thoughts. Just me, my guitar, and a gentle tune— A tune that echoes the voice of the soul. A cigarette glowing on my lips— A fleeting touch on the half-written pages of life. This is my story: incomplete, yet vivid. In the deep silence of the night, I keep writing myself— With music, smoke, and silence.

এবাৰ মন থাকি গ'ল

এবাৰ মন থাকি গ'ল। তোমাক লগ পাবলৈ। তোমাক শেষ বাৰৰ বাবে অন্তৰ খুলি চাবলৈ। তোমাক শেষ বিদাই জনাবলৈ । আজিও তুমি দিয়া প্ৰতিটো উপহাৰ বৰ সযতনে ৰাখিছোঁ।

অভ্যাসবোৰ থাকি গ'ল। মোৰ বদ অভ্যাসবোৰৰ সৈতে, তুমি দি যোৱা সদ অভ্যাসবোৰ থাকি গ'ল।

আছে মাথোঁ

সকলোৱেতো আছে মোৰ সতে । নীৰৱে ৰৈ থকা পাহাৰটো আৰু তাৰ মাজে মাজে নীৰৱতা ভাঙি বৈ অহা নদীখন, আৰু সেউজীয়াৰ মাজত লুকাই কোলাহল কৰি থকা অচিনাকী চৰাইজনী, পাহাৰটোৰ পৰা আহি মনে মনে চুই যোৱা সেমেকা বতাহজাক, বতাহজাকৰ মাজে মাজে মোক নষ্টালজিক কৰা মোৰ প্ৰিয় গানৰ কলিবোৰ, আৰু ওঁঠত জ্বলি থকা মোৰ চিগাৰেটটো। সকলোৱেটো আছে মোৰ সতে। নাই মাথোঁ মোৰ পুৰণি গীটাৰখন আৰু প্ৰিয় তুমিজনি।

এক অধাৰুৱা কাহিনী

পুনৰ এক অধাৰুৱা কাহিনী। বাৰে বাৰে পূৰ্ণাংগ ৰূপ দিবলৈ চেষ্টা কৰিও অধাৰুৱা হৈ ৰৈ যোৱা এক কাহিনী। শব্দবোৰ কৰবাত হেৰাই গল নে শব্দৰ মেৰপাক বুজি পোৱাত মোৰ ভুল হৈ গল, সিও এক সাঁথৰ হৈ ৰল মোৰ বাবে ? 

কলম

হাতত কলম তুলি লওঁ আকৌ এবাৰ। কব নোৱাৰা কথা বোৰ শব্দৰ ৰূপ দিবলৈ। বুকুৰ মাজত হেঁচা মাৰি ৰখা কথাবোৰ শব্দৰ ৰূপ দিবলৈ। যিবোৰ কথা তুমিও বুজি নোপোৱা, সেইবোৰ কথা কবলৈ হাতত কলম তুলি লওঁ।