Skip to main content

ভাল লগা ছোৱালীজনী

মোৰ স্কুলৰ সময়ৰ কথা ষোল্ল বছৰৰ আগৰ কথা, মোৰ স্কুলৰ এজনী ছোৱালীক ভাল লাগি গৈছিল, কিন্তু প্ৰেম নাছিল। আৰু তাৰ পাছৰ বছৰত তাইও আমাৰ স্কুলৰ পৰা আন এখন স্কুললৈ গুচি গৈছিল। আজি ষোল্ল বছৰৰ পাছত সেই ছোৱালীজনীৰ খবৰ পাওঁ। আৰু তাইৰ কেইখনমান ফটো দেখা পাওঁ। এতিয়াও কিন্তু তাই ষোল্ল বছৰৰ আগৰ মৰম লগা ছোৱালীজনীয়ে হৈ আছে।

Comments

Post a Comment

Popular posts from this blog

ডাক বচন

ডাক বা ডাক বচন হৈছে অসমীয়া সাহিত্যৰ এক সম্পদ । পূৰ্বতে ডাক বচনসমূহ মৌখিকভাৱে প্ৰচলন আছিল যদিও ষোড়শ-সপ্তদশ শতাব্দীমানত লিপিবদ্ধ হৈছে । ডাক বচন বুলিলে সচৰাচৰ অসমীয়া ভা...

নষ্টালজিক

অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।

আছে মাথোঁ

সকলোৱেতো আছে মোৰ সতে । নীৰৱে ৰৈ থকা পাহাৰটো আৰু তাৰ মাজে মাজে নীৰৱতা ভাঙি বৈ অহা নদীখন, আৰু সেউজীয়াৰ মাজত লুকাই কোলাহল কৰি থকা অচিনাকী চৰাইজনী, পাহাৰটোৰ পৰা আহি মনে মনে চুই যোৱা সেমেকা বতাহজাক, বতাহজাকৰ মাজে মাজে মোক নষ্টালজিক কৰা মোৰ প্ৰিয় গানৰ কলিবোৰ, আৰু ওঁঠত জ্বলি থকা মোৰ চিগাৰেটটো। সকলোৱেটো আছে মোৰ সতে। নাই মাথোঁ মোৰ পুৰণি গীটাৰখন আৰু প্ৰিয় তুমিজনি।