কি বিচাৰি ফুৰিছোঁ নাজানো। কিন্তু জীৱনৰ প্ৰতিটো মূহুৰ্তত যে তোমাক বিচাৰি ফুৰিছোঁ সেইটো কিন্তু ঠিক। আজিও যে প্ৰতিটো মূহুৰ্তত তোমাৰ অভাৱ অনুভৱ কৰোঁ সেইটো ঠিক। সকলো দিয়াৰ পাছতো তুমি কি বিচাৰ নাপালা সেই কথাটোৱে আমনি কৰে। জীৱনৰ বাটত যদি কেতিয়াবা আহৰি পোৱা মোৰ এই প্ৰশ্নটোৰ উত্তৰ দিবা বুলি শেষ আশা ৰাখিলো তোমাৰ পৰা।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment