Skip to main content

Posts

Showing posts from July, 2025

হেৰাই গ’ল সেই হাতখন

হেৰাই গ’ল সেই হাতখন হেৰাই গ’ল মোক ধৰি ৰখা সেই হাতখন। কৰবাত, কেতিয়াবা, চকুৰ অলক্ষ্যত হেৰাই গ’ল। মুঠিটো মই ঢিলা কৰি দিলোঁনে? নে তুমি? নে সময়ৰ সোঁতজাকে বিনাবুজাই খুলিলে আমাৰ সংযোগৰ গাঁথনি? বুজি নাপালোঁ ! এতিয়াও মই ভিৰৰ মাজত চকু মেলি তোমাৰ সেই হাতখন বিচাৰি ফুৰো, যি কেতিয়াবা মোৰ আছিল। যদিও জানো, এতিয়া সেয়া কেৱল এটি ভ্ৰম। স্মৃতিৰ মাজত থকা এবিধ নীৰৱ অভিমান।

অন্ধকাৰ ৰাতিৰ গাথা

অন্ধকাৰ ৰাতিৰ গাথা অন্ধকাৰ ৰাতি, নিস্তব্ধ পৰিবেশ। মুক্ত আকাশৰ তৰাবোৰ যেন মোৰ চিন্তাৰ সঙ্গী। মই, গীটাৰখন আৰু এটা মৃদু সুৰ, যি সুৰত আত্মাৰ কথাষাৰ ধ্বনিত হয়। ওঁঠত জ্বলি থকা এটা চিগাৰেট— জীৱনৰ আধা লিখা পাতত এক ক্ষণিক স্পৰ্শ। এইয়াই মোৰ কাহিনী আধাৰুৱা, তথাপি বৰ্ণিল। নিবিড় ৰাতিৰ নিস্তব্ধতাত লিখি যাওঁ নিজকে, সুৰ, ধোঁৱা আৰু মৌনতাৰে।