মই কান্দিবও নোৱাৰো কাৰণ মই যে এজন পুৰুষ। কেতিয়াবা চিঞৰি চিঞৰি কান্দিব মন যায়। কান্দি কান্দি মনৰ দুখবোৰ উটুৱাই দিব মন যায়। বহুত যন্ত্ৰণা কঢ়িয়াই লৈ ফুৰিছো মনৰ মাজত। নিজৰ লগত অভিনয় কৰি ভাগৰুৱা হৈ পৰিছো।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment