১৫ ফেব্ৰুৱাৰী ২০০৯ আজিও মনত আছে এই দিনটোৰ কথা। প্ৰতিটো মুহূৰ্তৰ কথা। কেলেণ্ডাৰত এই দিনটো নথকা হলে আজি হয়তো মোৰ জীৱনেই সলনি হল হয়। আজিৰ দৰে দুখৰ বোজা কঢ়িয়াই ফুৰিব লগা নহল হয়। আজিতকৈ বহুত বেছি সুখী হলো হয়। কিয় যে এই দিনটো কেলেণ্ডাৰত অংকন কৰা হৈছিল।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment