সৰুতে যেতিয়া স্কুলৰ বন্ধত আইতাৰ ঘৰলৈ আহো তেতিয়া মনত এটা তৃপ্তি অনুভৱ কৰিছিলো । কিন্তু বৰ্তমান আমি পাহৰি গৈছো সেই আত্মীয় সম্পৰ্কবোৰ । আমিবোৰ ইমানেই যান্ত্ৰিক হৈ পৰিছো যে পাহৰি পেলাইছো ককা-আইতা, বৰদেউতা-বৰমা, মামা-মামীৰ দৰে সম্পৰ্কবোৰো ।
অতীতৰ বহু কথাই আমনি কৰে। এতিয়াও নষ্টালজিক কৰি তোলে। যদিও এতিয়া বহু কথাই আজি তোমাৰ পাহৰণিৰ গৰ্ভত । কিন্তু মইযে বাৰে বাৰে নষ্টালজিক হৈ পৰো।
Comments
Post a Comment