আজিও বিচাৰি ফুৰিছো নিজকে
সেই সেউজীয়াৰ মাজত,
পাহাৰৰ ওখবোৰত,
পাহাৰৰ বুকুৱেদি বৈ অহা নিজৰাটোত।
চৰাইৰ কোলাহলত,
আৰু বৰষুণৰ টোপালবোৰৰ মাজতো।
কেৱল বিচাৰি ফুৰিছো নিজকে?
অন্ধকাৰ ৰাতিৰ নিজানত,
ভিৰৰ মাজৰ মূখবোৰত,
মোৰ প্ৰিয় গানৰ কলিবোৰতো
বিচাৰিছোঁ নিজকে।
আনকি বিচাৰি ফুৰিছো নিজকে
মদৰ ৰাগী আৰু চিগাৰেটৰ ধোঁৱাৰ মাজতো।
Comments
Post a Comment