Skip to main content

Posts

Showing posts from 2022

কাৰণ

তুমি সুখী হোৱা। মোৰ মনৰ নির্ভীত্ব কোণৰ পৰা তাকেই বিচাৰোঁ। সপোনৰ বাগিছাত তুমি আকৌ এবাৰ খিলখিলাই উঠা। কাৰণ তোমাৰ খিলখিলাই থকা হাঁহিতেই লুকাই আছে মোৰ সুখবোৰ।

প্ৰতিশ্ৰুতি

অতীতৰ ভুলবোৰৰ সৈতে আমি জীয়াই থাকিব লাগিব। যিহেতু অতীতৰ ভুলবোৰৰ শুধৰণি কৰাৰ যোগ্যতা আমাৰ নাই, কিন্তু ভৱিষ্যতত একেবোৰ ভুল নকৰাৰ প্ৰতিশ্ৰুতি আমাৰ হাতত আছে। 

শব্দ

যন্ত্ৰণাবোৰক শব্দৰ ৰূপ দিয়া আৰু শব্দবোৰ নিজৰ আপোনজনৰ ওচৰত প্ৰকাশ কৰা।

আজি মই

নিজৰ হেৰুৱা প্ৰতিভা পুনৰ উদ্ধাৰৰ চেষ্টাত আজি মই। অৱশ্যে সফলতা আৰু বিফলতা খিনি সময়ে নিৰ্ধাৰণ কৰিব।

আৱতৰীয়া বৰষুণ

আৱতৰীয়া বৰষুণ জাকত আজি আকৌ তিতিলোঁ। উভতাই লৈ গ'ল অতীতৰ কথাবোৰলৈ। বন্ধ কৰি থোৱা মোৰ চন্দুকৰ জপাখন ক'বনোৱাৰাকৈ আপুনা-আপুনি খোল খাই গ'ল।

ৰেল গাড়ী

জীৱনটো ৰেল গাড়ীৰ দৰে; যিদৰে ৰেল গাড়ীখনে এটাৰ পাছত আনটো ষ্টেচন এৰি আগবাঢ়ি যায়, ঠিক সেইদৰে জীৱনটোৱেও এটাৰ পাছত আনটো পৰিঘটনা এৰি আগবাঢ়ি যায়। আজি ভাল লগা বেয়া লগা সময়বোৰো কালিলৈ ইতিহাস হয়। এদিন বৰ্তমান বুলি ভবা তুমি জনীও আজি মোৰ বাবে ইতিহাস হ'ল।

সম্পৰ্কবোৰ

সম্পৰ্কবোৰ এনেকুৱাই , কেতিয়াবা ক্ষন্তেকৰ বাবে লগ পোৱা কোনোবা এজনো সময়ৰ গতিত আপোন হৈ পৰে আৰু কেতিয়াবা বহু সময় ধৰি লগত থকা আপোনজনো পৰ হৈ পৰে।