Skip to main content

Posts

Showing posts from 2021

সময়

সময়ে সকলো শিকাই যায় । হাঁহি থকা মুখবোৰৰ আঁৰতো যে আন এখন মুখ থাকিব পাৰে সেই কথাটোও সময়ে শিকাই গ'ল। জীৱনৰ সংজ্ঞাই সলনি কৰি গ'ল। ভাল লগাবোৰ বেয়া লগা লৈ সলনি কৰি গ'ল। প্ৰেমৰ কবিতা ভাল পোৱা মইতো বিষাদৰ কবিতা লিখিবলৈ শিকাই গ'ল।

উত্তৰবিহীন

ক'লৈ আহিলোঁ বা ক'লৈ গৈ আছো একো নাজানো। কি কৰি আছো আৰু কি কৰিম সেয়াও নাজানো। আচলতে জনাৰ প্ৰয়োজনও অনুভৱ কৰা নাই,  আৰু জানিও কৰিম কি ? কাৰণ উত্তৰবোৰ মোৰবাবে উত্তৰবিহীন একো একোটা প্ৰশ্ন।

হত্যা

নিজৰ লগত যেতিয়া কথা পাতো কেতিয়াও অনুসূচনাত ভুগিব লগা হোৱা নাই আৰু ভৱিষ্যতলৈও নহয় বুলি নিজৰ ওপৰত বিশ্বাস আছে। অনুসূচনাত ভুগিবলে মই কাৰো হত্যা কৰা নাই আৰু কেতিয়াও কৰিবও নোৱাৰো। কাৰণ মই মোৰ বিৰুদ্ধে যাব নোৱাৰো।

সামাজিক

সকলোৰে আগত মিছা মাতিলেও নিজকে মিছা মাতিব নোৱাৰো। সকলোৰে চকুত তোমাক পাহৰাৰ অভিনয় কৰিলেও কিন্তু হৃদয়ৰ কোনোবা এটা কোণত তুমি আজিও জীয়াই আছা। যদিও জানো আজি তুমি মাথো এটা সামাজিকহে মোৰবাবে।

আন্ধাৰ

কিছু পুৰণি গীতৰ কলি গুণগুণাই আজিও মই আন্ধাৰ সতে কথা পাতো। বহু কথাই আন্ধাৰে কাণে কাণে কৈ যায়। জীৱনত পোৱা- নোপোৱাৰ হিচাপ দি যায়। পোহৰৰ সতে যুঁজাৰ সাহস দি যায়। ভুল শুদ্ধ বিচাৰ কৰিবলৈ শিকাই যায়। আন্ধাৰ মোৰ বৰ প্ৰিয় কাৰণ মোক মোৰ সতে যুঁজিবলৈ শিকাই যায়।

কাৰণ নোহোৱাকৈ

কিছু ঠিকনা, কিছু টেলিফোন নম্বৰ কোনো কাৰণ নোহোৱাকৈ সাঁচি ৰখা হয়। কাৰণ সেইবোৰ ঠিকনাত কেতিয়াও যোগাযোগ কৰা নহয়। মাথোঁ কেৱল আওৰোৱা হয়।

অবুজ সাঁথৰ

জীৱনটো সঁচাই এক অবুজ সাঁথৰ। কেতিয়া কোন দিশে গতি কৰে একো বুজিবই নোৱাৰি। এদিন টোপনি ভাল পোৱা মইতো আজি টোপনিৰ বাবেও সংগ্ৰাম কৰিব লগা হয়। হয়তো কোনো কবিয়ে লিখাৰ দৰে এইয়েতো জীৱন। হয়তো এক অবুজ সাঁথৰ।

যোদ্ধা

যিদিনাই আমি আমাৰ সমস্যাবোৰ সৈতে মুখামুখি হব পাৰিম সেইদিনাই সমস্যাসমূহৰ সমাধানো বিচাৰি পাম। সেইবাবে সমস্যাবোৰ মোৰ বৰ প্রিয়। সমস্যাবোৰ মোক অধিক শক্তিশালী কৰে। মোক এজন শক্তিশালী যোদ্ধালৈ পৰিণত কৰে।

কুণ্ডলি

মই চিগাৰেটৰ দৰে হব বিচাৰো। চিগাৰেটৰ দৰে  জ্বলাই ছাই কৰি দিব বিচাৰো মোৰ মাজত থকা গহ্বৰবোৰ। চিগাৰেটৰ ধোঁৱাৰ দৰে কুণ্ডলি পকাই উৰাই দিব বিচাৰো অতীতৰ কলংকবোৰ I

বিচ্ছেদ

আজি বহুত দিনৰ বিৰতিৰ পাছত তুলি লৈছোঁ মোৰ গীটাৰখন আৰু বজাইছো মোৰ এটি প্রিয় গীত । বিচ্ছেদ আৰু বিষাদৰ। যত বাজি উঠিছে তুমি মোক পাহৰি যোৱা এটি গীত।

নিশাবোৰ

নিশাবোৰ সাৰ পাই উঠে। ডাঙৰ ডাঙৰ চহৰবোৰত নিশাবোৰ সাৰ পাই উঠে। যত মদ চিগাৰেট আৰু নাৰী দেহৰ খোলা বেহা হয়। যত প্ৰায় নাৰীৰ উলংগ নৃত্য হয়। যত পুৰুষে নাৰীৰ দেহৰ খলাবমা বোৰ মুক্ত মনে স্পৰ্শ কৰিব পাৰে। যত ৰাতি নাৰীয়ে নিজৰ দেহাবোৰ উচ্চ দৰত বিক্ৰী কৰে। যত মোৰ দৰে পুৰুষবোৰ একো জন নীৰৱ দৰ্শক। 

শূণ্য

শূণ্যতা মোৰ প্রিয়। সেইবাবে কাৰোবাৰ উপস্থিতিও মই শূণ্য কামনা কাৰো আৰু শূণ্য হোৱাৰ বাবেই মোৰ হেৰুৱাৰো ভয় নাই। 

সমাধান

যি দিনাই আমি আমাৰ সমস্যাবোৰৰ সৈতে মুখা মুখি হবলৈ শিকিম সেই দিনাই  সমস্যা সমূহৰ সমাধান ও বিচাৰি পাম। 

মই আৰু মোৰ

অন্ধকাৰ ৰাতি, নিস্তব্ধ পৰিবেশ, মুক্ত আকাশ, মই, মোৰ গীটাৰখন; গীটাৰত মোৰ প্রিয় গানৰ মৃদু সুৰ আৰু ওঁঠত জ্বলি থকা এটা চিগাৰেট। এইয়াইটো মই আৰু মোৰ আধা লিখা জীৱন কাহিনী।

সন্ধান

খোজবোৰ কেতিয়াবা থমকি যায় ভৱিষ্যতৰ সন্ধানত আৰু মনৰ কথাবোৰ কেতিয়াবা মনতে থমকি যায় শব্দৰ সন্ধানত।