Skip to main content

Posts

Showing posts from 2020

অধিকাৰ

লিখিব লৈও আজি ৰৈ গলো। ভাবিছিলোঁ উভতাৰ সময়ত অতীতৰ কথাবোৰ এবাৰ ৰোমন্থন কৰি যাওঁ। ভাবিছিলোঁ মোৰ শব্দত প্ৰাণ উঠক আমাৰ স্মৃতিবোৰ। কিন্তু আজি তোমাক ৰোমন্থন কৰাৰো যে মোৰ অধিকাৰ নাই।

চেষ্টা

এতিয়াও উজাগৰী নিশা কটাও, পুৰণি সপোনবোৰে কৰবাত আঘাত কৰি থৈ যায় আৰু সেই আঘাতবোৰ মেৰামতি কৰি পুনৰ আগুৱাই যাবলৈ এটা বৃথা চেষ্টা কৰোঁ। 

খেল

মোৰ ভাল পোৱাবোৰ, মোৰ বিশ্বাসবোৰ তোমাৰ বাবে মাথোঁ এটা খেল আছিল। সেইবাবে হয়তো তুমি মোৰ বিশ্বাসৰ লগত খেলি ভাল পাইছিলা। সেইবাবে হয়তো এটা মিছা ভাল পোৱাৰ অভিনয় কৰিছিলা। হয়তো মোৰ ভাল পোৱাতো ইমান শক্তি নাছিল যে এটা মিছা ভাল পোৱাক সঁচা ভাল পোৱালৈ ৰূপান্তৰ কৰিব নোৱাৰিলোঁ। কেতিয়াবা নীৰৱে উপলদ্ধি কাৰো তোমাক ভাল পোৱাটোৱেই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল।

ছায়া

তুমি মোৰ বিষয়ে চিন্তা কৰিব নালাগে। মই ভালেই আছোঁ। অ সুখত আছেনে নাই সেইটো নাজানো, কিন্তু দুখৰ ছায়াই মোক এতিয়াও গ্ৰাস কৰিব পৰা নাই।তোমাৰ শূন্যতা অনুভৱ কৰোঁ কিন্তু তোমাক পোৱাৰ আশা ও পুহি ৰখা নাই।

যাত্ৰা

আকৌ আৰম্ভ কৰিছো যাত্ৰাৰ। লক্ষ্যবিহীন এটা ঠিকনা বিচাৰি। নিজকে বিচাৰ চোৱাৰ এটা ব্যর্থ চেষ্টা। যদিও জানো মোৰ এই যাত্ৰাৰ কোনো অন্ত নাই।

লক্ষ্যবিহীন

এটা লক্ষ্যবিহীন জীৱন। কি কৰিছো, কিয় কৰিছো তাৰ উত্তৰ মোৰ ওচৰত নাই বা জনাৰো ইচ্ছা নাই। সেইবাবে এই বিশৃংখল জীৱনটোৱে এতিয়া মোৰ প্রিয়। 

অভিমানবোৰো

কেতিয়াবা কেতিয়াবা মনে নিবিচৰা কথাবোৰো কব লগা হয়, হয়তো আজি তুমি তাৰ উত্তৰ নাপাব; কিন্তু মোৰ বিশ্বাস এদিন তুমি কথাবোৰৰ উত্তৰ বিচাৰি পাবা আৰু সেইদিনা মোৰ ওপৰত কৰা অভিমানবোৰো তোমাৰ নোহোৱা হব।

মাথোঁ তুমি

মই যতেই থাকো বা যিয়ে কাৰো সদায় তোমাক মোৰ মাজতেই কঢ়িয়াই ফুৰিম। কাৰণ তোমাৰ উপস্থিতি মই প্ৰতিটো মুহূৰ্ততেই অনুভৱ কৰো। কিয়নো মই তোমাতেই আৰম্ভ আৰু তোমাতেই শেষ।

ভাল লগা বোৰ

ভাল লগা মুহূৰ্তবোৰ, মিঠা সময়বোৰই এতিয়া মই কঢ়িয়াই লৈ ফুৰিছোঁ কিয়নো এই মুহূৰ্তবোৰে এই সময়বোৰেই মোক আগবাঢ়ি যোৱাত সহায় কৰে, মোক স্থিৰ কৰি ৰাখে।

তুমি বিহীন মই

সেইবোৰ বস্তু মই ভাল নাপাওঁ যিবোৰ এদিন আমি ভাল পাইছিলোঁ। সেইবোৰ বস্তু আজিকালি মই ভাল পাওঁ যিবোৰ তুমি বেয়া পোৱা।

বালি ঘৰ

সপোনৰ বালি ঘৰ সাজিবলৈ শঙ্খা হয়। কিয়নো সপোনৰ বালি ঘৰ ভাঙিলে জীৱনৰ গতি স্থবিৰ হৈ পৰে। সেইবাবে মই বাস্তৱকলৈ জীয়াই থাকিব ভাল পাওঁ।

উপস্থিতি

কেতিয়াবা কেতিয়াবা অনুভৱ হয় সকলো পোৱাৰ পিছতো, সকলো থকাৰ পিছতো যেন মই এটা বৃহৎ ভিৰৰ মাজত অকলে ৰৈ আছো। মোৰ আশে-পাশে অজস্ৰজন ঘূৰি ফুৰিছে, মোৰ উপস্থিতিক আওকাণ কৰি।

সংখ্যা

সকলোবোৰ একেই আছে। মইও একেই আছো।সলনি হৈছে মাথো মোৰ আঙুলিত মাজত জ্বলি থকা চিগাৰেটৰ সংখ্যাৰ।

গভীৰৰ পৰা গভীৰ

বাৰে বাৰে একেবোৰ কথাই একেবোৰ ঘটনাই নষ্টালজিক কৰি তোলে। কব নোৱাৰাকৈ অতীতৰ দুৱাৰখন খোল খাই যায় আৰু বাৰে বাৰে মোক গভীৰৰ পৰা গভীৰ কৰি থৈ যায়।

নোপোৱাৰ হেঁপাহ

কি বিচাৰি ফুৰিছোঁ নাজানো। এনেকুৱা লাগে কিবা এটা কথাই কিবা এটা বস্তুৱে যেন মোক মাতি আছে দূৰৈৰ পৰা । কিন্তু যিমানেই আগুৱাই যাও সিমানেই সেই কথাটোৱে সেই বস্তুটোৱেও মোৰ পৰা আতৰি যায়।